The Soda Pop
মুখ্য পৃষ্ঠা

হে মহাজীৱন
মূলঃ সুকান্ত ভট্টাচার্য

হে মহাজীৱন, আৰু এই কাব্য নহয়
এতিয়া কঠিন কঠোৰ গদ্য লৈ আহা
পদলালিত্যৰ ঝংকাৰ মচি যাওক,
গদ্যৰ কঠিন হাতুৰিৰে আজি আঘাত কৰা ।
প্ৰয়োজন নাই কবিতাৰ স্নিগ্ধতা---
কবিতা, তোমাক দিলোঁ আজি ছুটি,
ক্ষুধাতুৰ ৰাজ্যত পৃথিৱী গদ্যময়:
পূর্ণিমাৰ জোন যেন
সেক্ দিয়া ৰুটি ।
----------------------------

বনলতা সেন
মূলঃ জীবনানন্দ দাশ

হাজাৰ বছৰ ধৰি মই বাটত খোজকাঢ়ি আছোঁ পৃথিৱীৰ পথত;
সিংহল সমুদ্ৰৰ পৰা তীক্ষ্ন এন্ধাৰৰ মালয় সাগৰত
বহুত ফুৰিছোঁ মই ; বিম্বিসাৰ অশোকৰ ধূসৰ জগতত
তাতে আছিলোঁ মই ; আৰু দূৰ অন্ধকাৰৰ বিদর্ভ নগৰত
মই ক্লান্ত প্ৰাণ এটা, চাৰিওফালে জীৱনৰ সমুদ্ৰ ঢৌ,
মোক দু-দণ্ড শান্তি দিছিল নাটোৰৰ বনলতা সেন ।

চুলিত তাইৰ কেতিয়াবাৰে অন্ধকাৰ বিদিশাৰ নিশা, মুখ তাইৰ শ্ৰাবস্তীৰ কাৰুকার্য ; বহু দূৰ সমুদ্ৰৰ পিছত
বঠা ভাঙি যি নাবিকে হেৰুৱাইছিল দিশ
সেউজীয়া ঘাঁহৰ দেশ যেতিয়াতাই দেখে দাৰুচিনি দ্বীপৰ ভিতৰত,
তেনেকৈয়ে দেখিছোঁ তাইক অন্ধকাৰত ; কৈছে তাই, 'ইমানদিন ক'ত আছিল ?'
চৰাইৰ নীড়ৰ দৰে চকু তুলি নাটোৰৰ বনলতা সেন ।

গোটেই দিনৰ শেষত নিয়ৰৰ শব্দৰ দৰে
সন্ধিয়া আহে ; ডেউকাৰ ৰ'দৰ গন্ধ মচি দিয়ে চিলনীয়ে ;
পৃথিৱীৰ সকলো ৰং নুমি গ'লে পাণ্ডুলিপিয়ে কৰে আয়োজন
তেতিয়া গল্পৰ স্তৰত জোনাকীৰ ৰঙেৰে জিলমিল ;
সকলো চৰাই ঘৰলৈ আহে--সকলো নদী--শেষ হৈ যায় এই জীৱনৰ চব লেনদেন ;
থাকে মাথোঁ অন্ধকাৰ, মুখামুখি বহিবলৈ বনলতা সেন ।
----------------------------

অসুখ
মূলঃ প্ৰদীপ কৰ

আহা ৰাতি সাৰে থাকোঁ, মোৰ অসুখ লৈ এই তুষাৰগাঁৱত
যিখিনি নিয়ৰ সৰে ৰাতিৰ বেলিকা-- মই তাকে ঈশ্বৰৰ
চুমা খোৱা বুলি ভাবোঁ
আজি এই আঘোণ মাহত আমনা ধানৰ শীর্ষত
যিখিনি শীতলতা নামে সেয়াইতো পূর্ণতা... মাথোঁ মোক আঁতৰালে !

মোক বন্ধ্যা বোলে, বাঁজী আৰু কুলটা বোলে, চুবুৰীয়া তিৰোতাবোৰে কিয়
অমঙ্গলীয়া বুলি ভাবে ?
সিহঁত স্বর্গীয়ভাৱে জীয়াইথাকে শুকান মাছৰ স্বপ্নত, স্বন্তান পালনত, স্বামীৰ প্ৰেমত
সিহঁতৰ জীৱনত আছে কাজিয়া-পেচাল, ঈর্ষা আৰু যৌন অহংকাৰ
মোৰ শৰীৰত কিয় থূপিত নহয় সেই জন্মবীজ-- এই পাপৰ বাবেই
মোৰ মুখ চোৱা বন্ধ কৰিছে সকলোৱে !

আজি এই জ্যোৎস্নাক্ষণত মোৰেই দর্শন পাই জাগি উঠে ফচলৰ স্নায়ু
ঈশ্বৰৰ ঔৰসত আজি সজ্জিত হৈ উঠে গর্ভৱতী ধানৰ পৃথিৱী
মোৰ গোটেই শৰীৰ বিষাদে চুই যায়
হৈ উঠে অন্নপূর্ণা দেৱী

আজি এই আঘোণ মাহত ধানৰ শৰীৰত যদি হাত থওঁ মই,
ধান গর্ভৱতী হয়...
----------------------------

উত্তৰাধিকাৰ
মূলঃ সুনীল গঙ্গোপাধ্যায়

নবীন কিশোৰ, তোমাক দিলোঁ ভুবনডাঙাৰ মেঘাচ্ছন্ন আকাশ
তোমাক দিলোঁ বোতামবিহীন ছিগা কামিজ আৰু
ফুঁচফুঁচ ভৰা হাঁহি দুপৰীয়াৰ ৰ'দত ভৰিয়ে ভৰিয়ে লগা ৰাতিৰ পথাৰত চিৎ হৈ শুই থাকা এইবিলাক এতিয়া তোমাৰেই তোমাৰেই, হাতত ভৰাই লোৱা মোৰ অবেলা
মোৰ দুঃখবিহীন দুঃখ ক্ৰোধশিহৰন
নবীন কিশোৰ, তোমাক দিলোঁ মোৰ যিখিনি আছিল আভৰণ
জ্বলন্ত বুকুত কফিৰ চুম্বন, চিগাৰেট চুৰি খিড়িকীৰ কাষত
বালিকাৰ প্ৰতি বাৰেবাৰে ভুল
পুৰুষ বাক্য, কবিতাৰ ওচৰত আঁঠু ভাঁজ কৰি বহা, ছুৰিৰ ঝলক আভিমানত মানুহ বা মানুহৰ দৰে আৰু যিখিনি বুকু ফাঁলি দেখা
আত্মহনন, চহৰৰ পিঠি তোলপাড় কৰা অহংকাৰৰ দ্ৰুতপদপাত এখন নদী, দুই-তিনিখনদেশ, কেবাজনী নাৰী--- এইবিলাক মোৰ পুৰণি পোচাক, খুব প্ৰিয় আছিল, এতিয়া শৰীৰত
ঠেক হৈ পৰে, নুশুৱায় আৰু
তোমাক দিলোঁ, নৱীন কিশোৰ, ইচ্ছা যায় যদি শৰীৰত ভৰোৱা
অথবা ঘৃণা কৰি দূৰলৈ পেলাই দিয়া, যি খুচি তোমাৰ
তোমাক মোৰ তোমাৰ বয়সৰ সকলোখিনি দিবলৈ বৰ হেঁপাহ হয় ।
----------------------------

ঘৰ
মূলঃ মৃণালকান্তি দাশ

আমাৰ সৰু ঘৰ,
চাৰিওফালে তাৰ
আগভেটিত বাঢ়ি উঠে বেগমবাহাৰ ।

আমাৰ সৰু গান,
ভোকৰ জুই--
সঞ্চাৰী-অন্তৰা
তেল জলকীয়া নিমখ !

আমাৰ সৰু প্ৰেম
পুৰি পুৰি ছাই--
তাকে লৈ অসফল
কবিতা বনাওঁ ।

আমাৰ সৰু পথ,
সেই পথৰ দাঁতিত
কোনোবাই যেন গোটেই ৰাতি
ওত পাতি থাকে ।

আমাৰ সৰু মেঘ,
সৰল আকাশ--
তাৰ তলত ধর্ষিতা
ষোড়শীৰ লাচ ।

আমাৰ সৰু বুকু,
বুকুৰ ভিতৰত
খং নাই, শোক নাই,
ক্ৰন্দিত পাথৰ !
----------------------------

ভেলেন্টাইনচ ডে
মূলঃ মিতুল দত্ত

অন্ধগলি, ৰাতিৰ ফালে যাওঁ

ক্ষয়িত দেশ, ক'ত যাম
মই
চহৰ, মাথোঁ চহৰ
চাৰিওফালে
উৰণীয়াসেঁতু, প্ৰেমেৰ দৰে আহা

মোহনবাঁহী বজাইছিল বোধয়
জাঁপ দিছিল উন্মাদিনী পানীত
যৌন প্ৰতাৰণাৰ পদে পদে
জন্মহাৰা জন্ম ল'লে কোনে

সময়, তথাপি সময় হৈ আহিল ?
লিঙ্গহীন সঙ্গমৰ শেষত
গুহ্যদ্বাৰ উপচি পৰা এন্ধাৰ
তোমাৰ চকু ভঁহাই দিলে পানীত

বন্ধু তথাপি মৃত্যুহীন শ্মশান
গঙ্গাজল, বৰষুণ, ৰদ, ধূলি
পিণ্ড মাখি সন্তানৰ নাভি
খাইছে কোনোবাই দুনির্বাৰ ক্ষুধাত

জঠৰ পুৰাই বাহিৰ হৈ আহে মায়া
ক্ষয়িত দেশ, ক'ত যাবা তুমি
টক্সি ইমান টেক্সি ওৰে দূৰত---
প্ৰমৰ দিন, ট্ৰফিক ভাঙি আহা
----------------------------

চ'তৰ আবেলিৰ কবিতা
মূলঃ কার্তিক নাথ

চ'তৰ আবেলি...
স্মৃতিবিলাক উৰিছে...
তুলাৰ দৰে বগা ।

গোপীনাথপুৰ
অষ্টকদল
নন্দীপাড়াৰ ৰাধা

এদিন আছিল ৰঙীন শিমলু ফুল...
দিগন্ত ৰঙা...
ঢৌ---যমুনাত । তাৰ লগত সেই
বয়সৰ ভুল !

সিদিনা ধূলিৰ...
গর্জিত মেলা--- জোৎস্নাপ্লাৱিত সেই
নীলা ৰং সনা সন্ধিয়া

বালক কৃষ্ণ
ৰাধিকাৰ হাতে নদী আঁকি যায়

বতাহত ৰজনীগন্ধা
----------------------------


মূল বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ : কন্দর্পজিৎ কল্লোল